জামুগুৰিহাটঃ বীৰাংগনা মূলাগাভৰুৰ বীৰত্বৰ বিষয়ে প্ৰতিজন অসমীয়াই জানে যদিও মূলাগাভৰুৰ মৈদামৰ বিষয়ে বহু কম লোকেই অৱগত ৷ বিশ্বনাথ জিলাৰ চতিয়াৰ চলাহোলা গাৱত বিৰাংগনা মূলা গাভৰুৰ মৈদাম আছে বুলি বিশ্বাস কৰে অঞ্চলটোৰ আহোম ৰাইজে ৷

স্থানীয় ৰাইজৰ দাবী ডিকৰাইগুৰি ৰণত মোগলৰ হাতত মৃত্যুবৰণ কৰাৰ পিছত চলাহোলাতেই মৈডাম দিয়া হৈছিল মূলাগাভৰুক ৷ সম্প্ৰতি সংৰক্ষণৰ অভাৱত এই মৈদাম এতিয়া জহি খহি গৈছে ৷ মৈডামৰ বহু ভূমি বেদখল হৈছে ৷

উল্লেখ্য যে, কলিয়াবৰৰ ৰণত মূলাগাভৰুৰ স্বামী ফ্ৰাচেংমুং বৰগোহাঁইক মোগল সেনাপতি তুৰ্বকে হত্যা কৰাৰ পিছত স্বামী হত্যাৰ প্ৰতিশোধ ল’বলৈ মূলাগাভৰুৱে মোগলৰ সৈতে ডিকৰাইগুৰিত যুদ্ধৰ মুখামুখি হৈছিল যদিও মোগল সেনাপতি তুৰ্বকৰ হাতত প্ৰাণ হেৰুৱাইছিল ৷ অৱশ্য পিছত কনচেং বৰপাত্ৰ গোহাইয়ে তুৰ্বকক হত্যা কৰি শত্ৰুক খেদি পঠাবলৈ সক্ষম হৈছিল ৷

১৫৩২ চনত মৃত্যুবৰণ কৰা মূলাগাভৰুক উত্তৰ অসমতেই মৈদাম দিয়া হৈছিল আৰু মূলাগাভৰুৰ মৈদামৰ কাষতে তুৰ্বকৰ সমাধিক্ষেত্ৰ আছে বুলিও অঞ্চলটোৰ একাংশ লোকে কব বিচাৰে ৷ আনহাতে বহু পূৰ্বেই মূলাগাভৰুৰ এই মৈদাম সংৰক্ষণ হ’ব লাগিছিল যদিও আজিলৈকে হৈ নুঠিল ৷

লগতে পঢ়কঃপ্ৰতিবন্ধীৰ পেন্সন কৰ্তন কৰাক লৈ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা

সম্প্ৰতি মূলাগাভৰুৰ এই মৈদাম সংৰক্ষণ কৰি পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ বাবে পূৰ্বাঞ্চল টাই সাহিত্য সভা, টাই-আহোম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন আহোম জনগোষ্ঠীয় সংগঠনে দাবী কৰিছে ৷

মূলাগাভৰু মৈদাম সংৰক্ষণ সমিতি গঠন কৰি মৈডাম সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰৰ লগত যোগাযোগ কৰা হৈছে ৷ বিশ্বনাথৰ উপায়ুক্তই পুৰাতত্ত্ব বিভাগৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছত মৈদাম ভাগ সংৰক্ষণ কৰা হ’ব বুলি ৰাইজক জানিবলৈ দিছে ৷

মূলাগাভৰুৰ এই স্মৃতিচিহ্নই উত্তৰ অসমত বাস কৰা আহোম সম্প্ৰদায়ৰ লোক সকলক এতিয়া দুগুণে উৎসাহিত কৰিছে ৷ অহা ৩১ জানুৱাৰীত মূলাগাভৰুৰ মৈদামথলীত বৃহৎ কাৰ্যসূচীৰে মে ডাম মে ফীৰো আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply