জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলাৰ সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
অঞ্চলটোৰ চাজন ভূমিজ নামৰ যুৱকজনে নৃশংসভাৱে হত্যা কৰে তেওঁৰেই জ্যেষ্ঠ ভাতৃ দীপেন ভূমিজক।
লগতে পঢ়কঃডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ছাত্ৰ নেতাই
বৃহস্পতিবাৰে নিশা নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছত পাৰিবাৰিক কথাত দুয়োগৰাকী ভাতৃৰ লগত কথাৰ তৰ্কাতৰ্কি হয় পিছত দুয়োৰে মাজত হতাহতি হোৱাত চাজন ভূমিজে জেষ্ঠ ভাতৃ দীপেন ভূমিজক লাঠিৰে গুৰুত্বৰভাৱে প্ৰহাৰ কৰাত দীপেন ভূমিজৰ মৃত্যু হয়।
আজি পুৱাৰ ভাগতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে হত্যাকাৰী চাজন ভূমিজে জামুগুৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দীপেন ভূমিজৰ মৃতদেহ চমজি লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।