জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ জয়সিদ্ধি বেজ গাঁৱত নৃশংস ঘটনা সংঘটিত হৈছে। পিতৃয়ে পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ১৭বছৰীয়া ৰাহুল বৰাই ঘৰৰ ভিতৰতে চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

ৰাহুলৰ পিতৃ বিনীত বৰাই পৰিকল্পিত ভাৱে পুত্ৰক হত্যা কৰি মুখত কাপোৰৰ সোপা দি ওলোমাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, ছবছৰৰ পূৰ্বে পত্নীকো হত্যা কৰিছিল অভিযুক্ত বিনীত বৰাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিনীত বৰাক আটক কৰিছে। আৰক্ষীৰ তদন্ত পাছতহে ঘটনা সন্দৰ্ভত আচল তথ্য পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply