জামুগুৰিহাটঃ জামুগুৰিহাটত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। সহকৰ্মীৰ প্ৰহাৰত থিতাতে নিহত হয় এগৰাকী ২৫বছৰীয়া যুৱক।
মুন্না মাহাতু নামৰ যুৱকজনক লোৰ ৰডেৰে মৰিয়াই হত্যা কৰিলে সহকৰ্মী নাৰায়ণ দাসে।
দুয়োগৰাকীয়ে জামুগুৰিহাটৰ এটা গাড়ীৰ গেৰেজত কৰ্মৰত আছিল।
কোনো ব্য়ক্তিগত কাৰণত দুয়োগৰাকীৰ মাজত সংঘাতৰ সৃষ্টি হয় । পিছলৈ এই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে।
এই ঘটনা সংঘটিত কৰিয়ে হত্যাকাৰী নাৰায়ণ দাসে জামুগুৰিহাট আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
নিহত মুন্না মাহাতুৰ ঘৰ জামুগুৰিহাটৰ মোহমৰাপাৰত আৰু হত্যাকাৰী নাৰায়ণ দাসৰ ঘৰ বিশ্বনাথ চাৰিআলিত।
এই ঘটনা সন্দৰ্ভত জামুগুৰিহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।