জামুগুৰিহাটঃ ৬মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভাৰ নিৰ্বাচনৰ বাবে জামুগুৰি পৌৰসভাৰ এলেকাটো চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।
জামুগুৰিহাটক নগৰ সমিতি হিচাপে ঘোষণা কৰাৰ পাছত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পৌৰসভাৰ নিৰ্বাচনত পৌৰ সভাখন নিজৰ দখললৈ নিবৰ বাবে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ৬ টাকৈ ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ হৈ বজাইছে নিৰ্বাচনীৰ ৰণ ডংকা।
ৱাৰ্ডে ৱাৰ্ডে ভাৰতীয় জনতা দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলি বিধায়ক পদ্ম হাজৰিকাই জামুগুৰি পৌৰসভাৰ ভোটাৰ এইবাৰ কংগ্ৰেছে মুক্ত হ’ব বুলি উল্লেখ কৰাৰ লগতে অসমত কংগ্ৰেছ এতিয়া ডুবন্ত নাওঁ বুলিও মন্তব্য কৰে।
লগতে পঢ়কঃঢেকিয়াজুলিৰ কেহেৰুখুন্দাত আৰক্ষীৰ গুলীচালনা
উল্লেখ্য যে ১০ টা ৱাৰ্ডৰে গঠিত জামুগুৰি পৌৰসভাৰ ইতিমধ্যেই চাৰিটাকৈ ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।
আজি জামুগুৰি পৌৰসভা এলেকাৰ ১নং ৱাৰ্ড তথা পাতল চুকগাঁৱত অনুষ্ঠিত হয় বিজয় উৎসৱ ৷ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থী জগত জীৱন বৰাৰ হৈ আয়োজন কৰা এই বিজয় উৎসৱত অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
বিজয় উৎসৱত অংশগ্ৰহণ বিধায়ক গৰাকীয়ে কয় যে জামুগুৰি পৌৰ সভা এলেকা এতিয়া কংগ্ৰেছ বিহিন হৈ পৰিছে৷ যোৱা দহ দিনত জামুগুৰি পৌৰ সভা এলেকাৰ পৰাই তিনি শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে আমাৰ দলত যোগদান কৰিছেহি ৷
কংগ্ৰেছে এতিয়া খালী গাড়ী লৈ ঘূৰিব লগা হৈছে ৷ গাড়ীত উঠিবলৈও মানুহ নোহোৱা হৈছে ৷ এই পৌৰ সভাৰ নিৰ্বাচনৰ সময়ত নদুৱাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ তলা খোল নেখালে বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
যোগদান কৰাসকলক দলীয় সম্বলিত গামোছা আৰু টুপিৰে সম্বৰ্ধনা জনায় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ।