জামুগুৰিহাটঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দিনটোত জামুগুৰিহাটৰ নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰাঞ্চলৰ অতি ভিতৰুৱা অঞ্চলৰ ১নং বৰদিকৰাই প্ৰাথমিক বিদ্যালয়ৰ লগতে ৰঙাচকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একাত্ম হৈ পৰিল চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা৷ বিদ্যালয় দুখনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা আৰু মেধাসম্পন্ন শক্তি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল বিধায়কগৰাকী৷

লগতে পঢ়কঃহাজাৰ বাধাকো নেওচি মুকালমুৱাৰ কালাৰদিয়াত এজাক শিশুৰ আদিপাঠ গ্ৰহণ

গুণোৎসৱ উপলক্ষে বিদ্যালয়খনত উপস্থিত হোৱা বিধায়কগৰাকীক বেণ্ড বজাই আদৰি আনে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলে বিধায়ক গৰাকীক বিভিন্ন প্ৰশ্ন কৰাৰ লগতে বিধায়ক গৰাকীয়েও ছাত্ৰ-ছাত্ৰীসকলক সোধা প্ৰতিটো প্ৰশ্নৰো নিসংকোচে উত্তৰ দিয়ে ছাত্ৰ ছাত্ৰীসকলে৷

এক উৎসৱমুখৰ বিদ্যায়তনিক পৰিৱেশত উপস্থিত হৈ বিধায়ক পদ্ম হাজৰিকাইও এৰি অহা শিশুসুলভ দিনবোৰ ৰোমন্থন কৰি আত্মহাৰা হৈ পৰে৷ কণ কণ শিশুসকলক মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহবান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত “মেৰা নয়া বচপন” শীৰ্ষক হিন্দী কবিতাও আবৃত্তি কৰে বিধায়ক পদ্ম হাজৰিকাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply