জামুগুৰিহাটঃ স্বনিভৰ্শীল নাৰী আত্মনিৰ্ভশীল অসম শ্লো-গানেৰে শনিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত একাংশ দৰিদ্ৰ মহিলাৰ মাজত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বিতৰণ কৰিলে উন্নত তাতঁশাল ৷

তাতঁশাল বিতৰণ কৰি বিধায়ক পদ্ম হাজৰিকাই কয়, ”সমষ্টিটোৰ কেইবাখনো গাওঁ বিগত সময়চোৱাত আদৰ্শ গাওঁ হিচাপে প্ৰতিষ্ঠা কৰাৰ পাছত উক্ত গাওঁ সমূহৰ মহিলা সকলক গৰু, ছাগলী, হাহঁ কুকুৰা পালনৰ লগতে মসৎ উৎপাদনৰ ব্যৱস্থা কৰা হৈছিল ৷ সম্প্ৰতি মহিলা সকলৰ মাজত তাতঁশাল বিতৰণ কৰিছো ৷ এই তাতঁশালৰ জৰিয়তে মহিলা সকল আত্মনিৰ্ভশীল হোৱাত সহায়ক হ’ব।”

আৰু পঢ়কঃআধা পোৰা কাঠৰ ওপৰত আজিও বহু ইতিহাসৰ সাক্ষী বহন কৰি আছে তেজপুৰৰ এটা উপ ডাকঘৰে

মহিলা সকলৰ হাত শক্তিশালী হ’লে সমাজো শক্তিশালী হ’ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

কোভিড প্ৰ’টকল মানি মহিলা সকলক তাতঁশাল বিতৰন কৰা এই অনুষ্ঠানত নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পলক শৰ্মা , নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙ উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply