জামুগুৰিহাটঃ শোণিতপুৰ বালিজুৰি ভানুপুৰৰ এই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা ৷
আৰ্থিক দৈনতাই নিঃশেষ কৰিব খোজা এটা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ মূল উপার্জনকাৰী দুয়োজনেই আক্ৰান্ত হৈ পৰিছে জটিল ৰোগত ৷ পানীত হাঁহ নচৰা অৱস্থা হৈছে দুৰ্ভগীয়া বৃদ্ধা পৰিয়ালটোৰ ।
৬০ বছৰীয়া চোম বাহাদুৰ লিম্বু আছিল দিন হাজিৰা কৰা এগৰাকী বৃদ্ধা ৷ বিগত দুই /আঢ়ৈ মাহ ধৰি চোম বাহাদুৰ লিম্বু জটিল ৰোগত আক্ৰান্ত হৈ এখন ভৰি সম্পূৰ্ণভাবে বিকল হৈ পৰে ।
আৰু পঢ়কঃউৎপাদিত গাখীৰ বিক্ৰী কৰিব নোৱাৰি সমস্যাৰ সন্মুখীন হৈছে গোপালক
ইফালে পত্নী কালিমায়া লিম্বু কাম কৰি থকা অৱস্থাত প্ৰচাৰ ষ্টক হোৱাত পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ এখন হাত আৰু এখন ভৰি বিকল হোৱাত শয্যাশায়ী হৈ আছে ।
অতি অসহায় ভাবে চিকিৎসাৰ অভাৱত শুবলৈকো কষ্ট পোৱাত দুই বৃদ্ধাই নিশা উজাগৰে কটাই জীৱন মৃত্যুৰে যুজিঁ আছে।
অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰাও বঞ্চিত দুই বৃদ্ধা। সেয়ে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে দুই বৃদ্ধই জীৱন ভিক্ষা মাগিছে ৷ যদি কোনো হৃদয়বান ব্যক্তিয়ে সহায়ৰ আগবঢ়াব বিচাৰে তেনেহ’লে ৯১০১৬৬৮৬৪০ / ৯৬১৩৮০৭৮১১ / ৮৮২২০১১৬২৫ এই ম’বাইল নম্বৰত যোগাযোগ কৰি ষ্টেট বেংকৰ একাউন্ট নম্বৰ ৩৬৩১৫২৯০৪১৪ , আই এফ এছ চি – এচ বি আই এন ০০০৯১৪২ নম্বৰত সহায় আগবঢ়াব পাৰে।