জামুগুৰিহাটঃ এতিয়া বনভোজৰ বতৰ। পুৰণি বৰ্ষটিক বিদায় অথবা নতুন বৰ্ষটিক স্বাগতম জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ বনভোজস্থলীত এতিয়া ভিৰ কৰিছে বনভোজকাৰীৰ দলে।

ব্যতিক্ৰম নহয় জামুগুৰিহাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী প্ৰকৃতিৰ ৰম্যভূমি চিজুছাও। শীতৰ আমেজভৰা পৰিবেশত প্ৰকৃতিৰ কোলাত লগে ভাগে এসাজ আনন্দ মনৰে খোৱাৰ বাবে চিজুছাত এতিয়া দৈনিক উপস্থিত হৈছে শ শ বনভোজকাৰীৰ দল।

বিগত ২০০৪ বৰ্ষত প্ৰলয়ংকাৰী বানে তচনচ কৰি যোৱা মনোমোহা চিজুছা পৰৱৰ্তী সময়ত অসম চৰকাৰে প্ৰায় ৫০কোটি টকা খৰচ কৰি চিজুছাক প্ৰাণ দিয়াৰ পিছৰে পৰা পুনৰ বনভোজপ্ৰেমী সকলৰ আগমন ঘটিবলৈ ধৰে চিজুছালৈ।

ওখ-চাপৰ ঘন ঘন চিৰসেউজীয়া বনাঞ্চলৰ অৰূপ সৌন্দৰ্য্য প্ৰাণ কৰি পাকে নদীৰ পাৰত এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বনভোজৰ দলে নাচিবাগি আনন্দ মনৰে এসাজ তৃপ্তিৰে খোৱা পৰিলক্ষিত হৈছে।

এইদৰেই এতিয়া শীতৰ বতৰত পূব কামেঙৰ ‘নুমলীয়া জীয়ৰী’ খ্যাত প্ৰকৃতিৰ এই ৰম্যভূমি চিজুছাত বনভোজ দলৰ উপস্থিতিত উখল-মাখল হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, জামুগুৰিহাটৰ অন্তৰ্গত ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত চিজুছাত শীতৰ বতৰত দেখা দিয়া হাজাৰ হাজাৰ ৰং বিৰঙৰ পখী আৰু পখিলাৰ বিচৰণো পৰ্য্যটকৰ অন্যতম আকৰ্ষণ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত হৈছে।

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অলপতে বিশ্বনাথৰ উপায়ুক্ত আৰু চতিয়া খণ্ড উন্নয়ন বিষয়া সহ চিজোচাত উপস্থিত হৈ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে পৰ্যটনস্থলী হিচাবে গঢ়ি তোলাৰ বিষয়টোক লৈ মত বিনিময় কৰে ৷

লগতে পঢ়কঃৰূপহীহাটৰ ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ

চতিয়া খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত চিজোচাক পৰ্যটন কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ বাবে ইতিমধ্যে ডেৰ কোটি টকা আবন্টন দিয়া হৈছে ৷

অতি শীঘ্ৰেই ইয়াৰ সকলো কাম কাজ আৰম্ভ হ’ব ৷ অসম-অৰুণাচল সীমান্তৰ পাকে নদী খনৰ পাৰৰ চিজোচাক পৰ্যটনস্থলী হিচাবে গঢ়ি তোলাৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হোৱাৰ উপৰিও বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply