জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মঙলবৰীয়া খ্ৰীষ্টানবস্তিৰ শিৱ শক্তি আত্ম সহায়ক গোটৰ ১০ জনীয়া সদস্যই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন ।
বিধায়ক পদ্ম হাজৰিকাই আই বি এছৰ জৰিয়তে প্ৰদান কৰা ১০ লাখ টকাৰে আত্ম সহায়ক গোটৰ ১০ জনীয়া সদস্যই একগোট হৈ মিন পালনৰ লগতে গাহৰি পালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন।
আৰু পঢ়কঃমাঞ্জাত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমানৰ গাঞ্জা জব্দ : গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
তেওঁলোক হাজাৰজনৰ বাবে হৈ পৰিছে এক আদৰ্শ । ২০১৯ চনৰ পৰাই গাহৰি ফাৰ্মৰ লগতে মিনপালনৰে শুভাৰম্ভ কৰে উক্ত আত্ম সহায়ক গোটৰ ১০ জনীয়া সদস্যই । উল্লেখ্য যে বহি ৰাজ্যত কৰ্মৰত অৱস্থাত থকা শিক্ষিত কেইবাগৰাকী যুৱকৰ এনে মহান পদক্ষেপ হাতত লোৱাৰ লগতে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱাৰ বাবে অঞ্চলবাসীয়ে প্ৰশংসা কৰে ।
অনাগত দিনত মুৰ্গী, ছাগলী আৰু হাঁহ ফাৰ্মৰ পৰিকল্পনা হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে গোটৰ সভাপতি প্ৰশান্ত দাস লগতে সম্পাদক হেম বাহাদুৰ লিম্বুয়ে ।