জামুগুৰিহাটঃ দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ দিলে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰিসুতিৰ গায়ত্ৰী দেৱীয়ে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হয় গায়ত্ৰী৷ মৰিসুতি ঠাকুৰবাৰী অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গায়ত্ৰী দেৱীৰ থাকিবলৈ নাই এটা ভাল বাসগৃহ, নাছিল এখন পঢ়া টেবুল।

মাটিত বহিয়েই অধ্যয়ন কৰি সুখ্যাতিৰে উৰ্ত্তীণ হোৱা গায়ত্ৰীয়ে ক’ভিডৰ সময়ত এন্ড্ৰইড ম’বাইল নথকাৰ বাবে অনলাইন ক্লাছ কৰিব পৰা নাছিল৷ ঠাকুৰবাৰী নিবাসী গায়ত্ৰীৰ পিতৃ টয়া কটোৱাল আৰু মাতৃ কমলা দেৱীয়ে দিন হাজিৰা কৰি সাতজনীয়া পৰিয়ালটো বহুত কষ্টৰে পোহপাল দি আছে। সম্প্ৰতি গায়ত্ৰীৰ ফলাফলক লৈ আনন্দিত পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী। গায়ত্ৰী দেৱীক অঞ্চলবাসীয়ে উষ্ম অভিনন্দন জ্ঞাপন কৰে৷

লগতে পঢ়কঃপহুমাৰা নৈৰ সোঁতে উটুৱাই নিলে গড়কাপ্তানি পথৰ এটা অংশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply