জামুগুৰিহাটঃ দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ কৰিলে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ কৃষ্ণমণি, কৰণ আৰু অংকিতাই। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল অনুসৰি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰ কৃষ্ণমণি শইকীয়াই ৬০শতাংশ নম্বৰৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, ৰঙাচকুৱা মাউন্ট চিনাই ইংলিচ স্কুলৰ মেধাৱী ছাত্ৰ কৰণ মিজাৰে ৯০.৫ শতাংশৰে ডিষ্টিংচন আৰু গ্ৰীণ মডেল ইংলিচ হাইস্কুলৰ পৰা অংকিতা আমগাইয়ে ৯৪.৩৩ শতাংশ নম্বৰৰে ডিষ্টিংচন সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
লগতে পঢ়কঃঅনলাইন ক্লাছ নকৰাকৈ প্ৰথম বিভাগত উত্তীৰ্ণ এজন দৰিদ্ৰ ছাত্ৰ
হাটিঙা ৰত্নপুৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ কৃষ্ণমণি শইকীয়াৰ লগতে ১ নং বৰদিকৰাই মিড়ি গাঁৱৰ ছাত্ৰ কৰণ মিজাৰৰ নাছিল এটা ভাল থকা ঘৰ, নাছিল এখন পঢ়া টেবুল৷ দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাবে গ্ৰহণ কৰা কৃষ্ণমণি আৰু কৰণে বিগত ক’ভিড কালত এণ্ড্ৰইড মোবাইল নথকাৰ বাবেই অনলাইন ক্লাছ কৰিব পৰা নাছিল৷ জানিব পৰা মতে হাটিঙাৰ ৰত্নপুৰৰ কৃষ্ণমনি শইকীয়াৰ পিতৃ পৱিত্ৰ শইকীয়াই প্ৰতিদিনে নিজৰ চাইকলখন চলাই পেলনীয়া লোহা-প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিছিল। লগতে ১ নং বৰদিকৰাইৰ কৰণ মিজাৰৰ পিতৃ চেৰ বাহাদুৰ মিজাৰে পত্নী বিয়োগৰ পিছতো দিন হাজিৰা কৰি পোহপাল দি আছিল। কৰণে মেট্ৰিক পৰীক্ষা দি ইটানগৰত পাৰ্ট টাইম হিচাপে কাম কৰিবলৈ ওলায় গৈ নিজৰ ফলাফলৰ খবৰ পাই ঘৰলৈ আহে। সকলো বিষয়তে লেটাৰ মাৰ্ক লাভ কৰা কৰণ আৰু অংকিতাক অঞ্চলবাসীয়ে ফুলাম গামোছাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উৎজ্জ্বল ভৱিষ্যত কামনা কৰে ৷