জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰঙাচকুৱাত ৰাসমহোৎসৱত অংশ ল’লে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে।
মৰিগাঁৱত ৰাস মহোৎসৱত বহুৱালিৰ নামত একাংশই অশ্লীলতা তথা যৌনগন্ধী নৃত্য প্ৰদৰ্শন কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে। ৰাস মহোৎসৱত এনে ধৰণৰ নৃত্য প্ৰদৰ্শন কৰাটো অতিকৈ লজ্জাজনক বুলি উল্লেখ কৰি সঁচা অৰ্থত মানুহে এনেদৰে নৃত্য কেতিয়াও প্ৰদৰ্শন নকৰে বুলি ব্যক্ত কৰে।
লগতে পঢ়কঃ পৌৰসভা নিৰ্বাচনত মহিলাৰ বাবে বিশেষ সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
তেওঁ কয় যে এই ক্ষেত্ৰত আমি নিজেই সজাগ হোৱা উচিত কাৰণ আমাৰ পূৰ্বপুৰুষ তথা আদৰ্শ ব্যক্তিসকলে যিখিনি আধ্যাত্মিক দিশ শিকাই গৈছিল বৰ্তমানো তেনেদৰে হোৱাটো উচিত। তেতিয়াহে নৱপ্ৰজন্মই ৰাসৰ সকলো দিশ শুদ্ধৰূপে আয়ত্ব কৰিব পাৰিব।
অভিনেত্ৰীগৰাকীয়ে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত ভবিষ্যতেও কোনো লোকে যাতে বহুৱালিৰ নামত এনে ধৰণৰ অশ্লীলতা প্ৰদৰ্শনৰ নৃত্য নকৰে তাৰবাবে আহ্বান জনায়।