জামুগুৰিহাটঃ সমগ্ৰ শিক্ষা অভিযান, শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটৰ গেলা হাটিঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বাকোলা মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়সমূহৰ সামূহিক উৎসৱ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। পুৱাই গেলাহাটিঙা প্ৰাথমিক বিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰাম্ভ কৰি গেলা হাটিঙা খেল পথাৰৰ প্ৰাঙ্গনত কণ কণ শিক্ষাৰ্থীসকলে বিহু, ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়।
সভাত উপস্থিত থাকে খেৰবাৰী ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক কুৰ্মী, বিশিষ্ট অতিথি বি আৰ পি দিব্যজ্যোতি বৰা, কেদাৰ ছেত্ৰী, মনোজ শৰ্মা, চি আৰ চি প্ৰাঞ্জল ভূঞাৰ লগতে ইটাখোলা অঞ্চলৰ জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচাৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি।
লগতে পঢ়কঃস্থানীয় সমস্যাৰ ওপৰত কাৰ্টুন চিত্ৰ অংকন কৰি জনপ্ৰিয় হৈ পৰিছে নাজিৰাৰ এজন যুৱক
সভাপতি টংক কুৰ্মীয়ে ভাষণ প্ৰসংগত কয় যে – “চাহ বাগিছাৰ বসতিপূৰ্ণ অঞ্চলতো কণ কণ শিক্ষাৰ্থীসকলে বৰগীত, দিহানাম, বিহুনৃত্য, ঝুমুৰ নৃত্যৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন দেখি আনন্দিত হ’লো। বহু পিছপৰা অঞ্চলতো কণ কণ শিক্ষাৰ্থীসকলৰ এনে ধৰণৰ সুপ্ত প্ৰতিভাবোৰে এদিন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ’ব। কণ কণ শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভাৰ ক্ষেত্ৰত সকলো অভিভাৱক-অভিভাৱিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগে । হাটিঙা হাইস্কুলৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ নেতৃত্বত শিক্ষাৰ্থীসকলে পৰিবেশন কৰা সাত ভনীৰ সমবেত সংগীতানুষ্ঠানৰ লগতে চাওৰা নৃত্য, বড়ো নৃত্য প্ৰদৰ্শনে উপস্থিত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়।