জামুগুৰিহাটঃ উৎকট গৰমত বিদুৎতৰ সঘন কৰ্তনৰ লগতে কাৰিকৰী বিজুতি দূৰ কৰাৰ ক্ষেত্ৰত জামুগুৰি বিদুৎ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলে দেখুৱা দায়িত্ব জ্ঞানহীন কাম কাজত অতিষ্ঠ হৈ জামুগুৰিহাটৰ তিনি খনকৈ গাঁৱৰ একাংশ ৰাইজে জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৰে।
অঞ্চলটোৰ বৰিগাওঁ,বালিবৰি আৰু ঢেঁকেৰীগাওঁত সামান্য কাৰিকৰি বিজুতিৰ বাবে ঘন্টাৰ পিছত ঘন্টা ধৰি বিদুৎ সেৱা ব্যাহত হৈ থকাত গাঁওবাসী ৰাইজ অতিষ্ঠ হৈ পৰে আৰু একাংশ গাওঁবাসী ৰাইজ ওলাই আহি জামুগুৰি বিদুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়কঃবাল্য বিবাহ সম্পন্ন কৰোৱা মৌলানা আৰু কাজী সকল সাৱধান
পিছত প্ৰতিবাদ স্থলীত জামুগুৰি আৰক্ষী উপস্থিত হোৱাৰ লগতে জামুগুৰি বিদুৎ উপসংমণ্ডল বিষয়া গৰাকীও উপস্থিত হবলৈ বাধ্য হয়। গাঁওবাসী ৰাইজৰ প্ৰতিবাদত সেওঁমানি জামুগুৰি বিদুৎ উপসংমণ্ডলৰ বিষয়া গৰাকীয়ে আৰক্ষীৰ লগতে বিদুৎ বিভাগৰ কৰ্মচাৰী সকলৰ এটা দললৈ ঢেকীয়াগাওঁত উপস্থিত হৈ বিদুৎতৰ কাৰিকৰি বিসংগতি দূৰ কৰি বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিবলৈ বাধ্য হয়।