জামুগুৰিহাটঃ মদ- জুৱাৰ লগতে নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে জামুগুৰিহাটৰ বৃহত্তৰ হাটিঙা অঞ্চলৰ মহিলা সমাজ ৷ অঞ্চলটোত সঘনাই চলি থকা অ-সমাজিক কাৰ্য্যকলাপ ৰোধত আৰক্ষী প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মহিলা সকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷
জামুগুৰি আৰক্ষী হায় হায়, নাৰী সৰবৰাহকাৰী হুছিয়াৰ, শিশু বিক্ৰী বন্ধ কৰক ৷ নাৰী নিৰ্য্যাতন বন্ধ কৰক, অপৰাধীক আটক কৰক আদি বিভিন্ন শ্লোগান দি হাটিঙাৰ আকাশ-বতাহ কপাই তোলে মহিলা সকলে ৷
লগতে পঢ়কঃযোগান বিভাগৰ প্ৰতীকি শ উটুৱাই সোণাৰিত অভিনৱ প্ৰতিবাদ
অঞ্চলটোত সঘনাই চলি থকা অ-সমাজিক কাৰ্য্যকলাপ ৰোধৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ দাবী তুলি আৰু সমাধান বিচাৰি পথৰ দাঁতিত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰে মহিলা সকলে ৷