জামুগুৰিহাটঃ জামুগুৰিহাটত উত্তপ্ত পৰিস্থিতি। নদুৱাৰ আটছা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ বিশ্বনাথ জিলা সমিতি আৰু চাহ মজদুৰ সংঘই ইটাখোলা আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিবেশ সৃষ্টি কৰে ৷
জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত দিকৰাই চাহ বাগিচাৰ দুগৰাকীকৈ যুৱতীক দুমাহৰ ভিতৰত দুই লম্পটে যৌন নিৰ্যাতন চলাই পলায়ন কৰি আছে। ইটাখোলা আৰক্ষীয়ে আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই দুই ধৰ্ষণকাৰীক।
নদুৱাৰ আটছা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি , আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলৰ বিশ্বনাথ জিলা সমিতি আৰু চাহ মজদুৰ সংঘৰ উদ্যোগত শতাধিক যুৱক-যুৱতীয়ে হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ ”অসম চৰকাৰ কাম নাই”, ”অসম পুলিচ হায় হায়” আদি শ্লোগানেৰে দিকৰাই চাহ বাগিচাৰ পৰা ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেৰে খোজ কাঢ়ি ইটাখোলাৰ আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
লগতে পঢ়কঃসুকীয়া জৰীপৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
উল্লেখ্য যে, দুমাহমান পূৰ্বে ইটাখোলাৰ মহেশ গুপ্তা নামৰ এজন যুৱকে দিকৰাই চাহ বাগিচাৰ এগৰাকী আদিবাসী যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নি প্ৰায় ৪৫ দিন যৌন নিৰ্যাতন চলাই কিছুদিন পূৰ্বে শোণিতপুৰ জিলাৰ বালিপাৰাত যুৱতী জনীক অকলে এৰি থৈ পলাই যায়।
ঠিক একেদৰে দিকৰাই চাহ বাগিচাৰ অন্তৰ্গত আহুবাৰিৰ আন এগৰাকী আদিবাসী যুৱতীক গাঁওখনৰে ৰাজু দাস নামৰ লম্পট এজনে সাতমাহৰ অন্তঃসত্বা কৰি পলাই যায় ।
উক্ত দুইগৰাকী যুৱতীৰ যৌন নিৰ্যাতন সন্দৰ্ভত ইটাখোলা আৰক্ষী চকীত গোচৰ পঞ্জীয়ন হৈ আছে যদিও আৰক্ষীয়ে আজিলৈকে এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত উক্ত সংগঠন কেইটাৰ উদ্যোগত আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি ২৪ ঘণ্টাৰ ভিতৰত যদি ইটাখোলা আৰক্ষীয়ে উক্ত লম্পট দুজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী লোৱা হব বুলি আৰক্ষীক ভাবুকি প্ৰদান কৰে ।