জামুগুৰিহাটঃ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়া হ’ব বুলি সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও বৰ্তমান কিছু চৰ্ত সাপেক্ষেহে ঋণ মাফ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

জামুগুৰিহাটৰ ডেকাচুক গাঁৱৰ মহিলাসকলেও কোনো চৰ্ত নোহোৱাকৈ তেওঁলোকৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদ কৰাৰ লগতে গাঁৱৰ শিৱমন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত সুমতি প্ৰদান কৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনায়।

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত এই সকল মহিলাই এই মন্দিৰতে হিমন্ত বিশ্ব শৰ্মা ৰজা হ’ব লাগে বুলি প্ৰাৰ্থনা কৰিছিল আৰু এতিয়া তেওঁ ৰজা হোৱাৰ পাছত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি তেওঁলোকৰ দুখ মোচন কৰিব লাগে বুলি মন্তব্য কৰে।

আৰু পঢ়কঃমাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত অব্যাহত আছে প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply