জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মকুৱা চাপৰিত গঁড়ৰ মুক্ত বিচৰণ। গঁড়ৰ বিচৰণত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷

কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা গঁড়টোৱে অঞ্চলটোৰ খেতি পথাৰকে ধৰি অন্যান্য খেতি নষ্ট কৰিছে।

মৰাপাট খেতিত সোমাই আছিল গঁড়টো। আজি গাঁওবাসী ৰাইজৰ খবৰৰ ভিত্তিত দিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলে গঁড়টো কাজিৰঙা ষষ্ঠ সংযোজন পাণপুৰ বনাঞ্চললৈ খেদি নিবলৈ সক্ষম হয়। সম্প্ৰতি স্বস্তিৰ নিশ্বাস পেলাইছে মকুৱা চাপৰীবাসীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply