জামুগুৰিহাটঃ একাংশ শিক্ষকৰ অমানবীয় কৰ্ম-কাণ্ডই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ৷ নিজৰ মইমতালিত চলা এই সকল শিক্ষকৰ কাম-কাজে এতিয়া শৈক্ষিক প্ৰেমী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিম জামুগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল জংঘলৰ মাজত পেলায় দিয়াত শিক্ষক গৰাকীৰ কৰ্মকাণ্ডত এতিয়া সচেতন মহলৰ চকু কপালত উঠিছে ৷

লগতে পঢ়কঃবালিপৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

বিদ্যালয়খনৰ প্ৰধান শিক্ষক ক্ষিতিশ নাথে কৰোণা মহামাৰীৰ সময়চোৱাত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক বিতৰণ কৰিবলৈ দিয়া প্ৰায় ৬ বস্তা চাউল বেয়া হোৱা বুলি জংঘলৰ মাজত মনে মনে পেলায় দিয়ে ৷

বৃহত্তৰ অঞ্চলটোৰ প্ৰায় তিনিশতাধিক বিদ্যালয়ে কৰোণা মহামাৰীৰ সময়চোৱাত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক স্কুললৈ মাতি আনি বা ঘৰলৈ গৈ চাউল দালি বিতৰণ কৰি মহানতাৰ পৰিচয় দিয়াৰ বিপৰীতে এই গৰাকী প্ৰধান শিক্ষকে স্কুলতে বস্তা বস্তা চাউল পছিবলৈ দি এনেদৰে পেলাই দিয়া ঘটনাই স্থানীয় ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply