জামুগুৰিহাটঃ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলঙৰ বাবে দুটাকৈ বহিঃৰাজ্যৰ কোম্পানীয়ে ব্যৱহাৰ কৰা বৃহৎ সংখ্যক ডাম্পাৰৰ যাতায়তে এতিয়া অঞ্চলটোৰ বাটপথ কদৰ্যময় কৰি তুলিছে।

অঞ্চলটোৰ কোৱাঁমৰাৰ সমীপত গাওঁলীয়া বাটপথ বোকাময় কৰি তুলিছে পথ আৰু দলং নিৰ্মাণৰৰ নামত ব্যৱহিত হোৱা ডাম্পাৰৰ যাতায়তে।

আৰু পঢ়কঃশোণিতপুৰৰ বালিপাৰাত মাস্ক নিপিন্ধা লোকসকলক দিলে ৰঙা গোলাপ

চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী ‘ছিমপ্লেক্স ‘ আৰু দলং নিৰ্মাণকাৰী কোম্পানী ‘এছ আৰ এমে'(SRM) ব্যৱহাৰ কৰা পঞ্চাশ খনৰো অধিক ডাম্পাৰৰ যাতায়তে এইদৰে কোৱাঁমৰাৰ সমীপত বোকাময় পৰিবেশ কৰি তোলাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰে।

ক্ষুদ্ধ ৰাইজে কোম্পানীৰ ডাম্পাৰৰ যাতায়ত কেইবাঘন্টা ধৰি বন্ধ কৰি দিয়াৰ লগতে শীঘ্ৰেই বোকাময় পথছোৱা যাতায়তৰ বাবে উপযোগী কৰি তুলিবলৈ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,118 other subscribers

Leave a comment

Leave a Reply