জামুগুৰিহাটঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষা সমূহ স্বচ্ছ আৰু নিকা হোৱাৰ বাবে গাঁঁও অঞ্চলৰ প্ৰকৃত মেধা সম্পন্ন শিক্ষাৰ্থীসকলে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৈবাৰীৰ এগৰাকী শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ সমগ্ৰ নদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থী জামুগুৰিহাটৰ চৈবাৰীৰ যুৱ ব্যৱসায়ী ৰিন্টু বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ মেধাসম্পন্ন কন্যা চাইকীনন্দা কাশ্যপে ৮১ নং স্থান লাভ কৰি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

সৰুৰে পৰা মেধাসম্পন্ন এই সকল পৰিক্ষাৰ্থীক অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনত তেখেত সকলৰ পৰা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত গঠনমূলক কামকাজৰ আশা কৰিছে বৃহত্তৰ নদুৱাৰ বাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply