জামুগুৰিহাটঃ ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৰ্তমান অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ গণ সংক্ৰমণ।
ইতিমধ্যে প্ৰায় ১৬শৰো অধিক লোক অঞ্চলটোত কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ১৫ জনকৈ লোকৰ মৃত্যু হৈছে।
একোখনকৈ গাঁৱত আক্ৰান্ত হৈছে ৩৫ জন পৰ্য্যন্ত ব্যক্তি।শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্তমান আক্ৰান্তৰ হাৰ সৰ্বাধিক হোৱা জামুগুৰিহাটৰ ভয়াবহ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি জামুগুৰিহাটত এক বৃহৎ চেনিটাইজেচনৰ কাৰ্য হাতত লয় শোণিতপুৰ জিলা প্ৰশাসনে।
আৰু পঢ়কঃলখিমপুৰত কৰোনা যোদ্ধাৰ প্ৰতিবাদী কাৰ্য্যসূচী
শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে উদ্বোধন কৰা এই চেনিটাইজেচনৰ অভিযানত জিলা উপায়ুক্ত গৰাকীয়ে নিজ হাতৰে জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্থলত চেনিটাইজেচন কৰা দেখিবলৈ পোৱা যায়।
দুখনকৈ চেনিটাইজেচন গাড়ীৰে সমগ্ৰ জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্থল আজি চেনিটাইজেচন কৰে শোণিতপুৰ জিলা প্ৰশাসনে।