জামুগুৰিহাটঃ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ টুপীয়া পাঁচগাঁও একাডেমীতো কোভিড ১৯ৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে।
মূৰ্তিৰ অবিহনে এইবাৰ সৰস্বতী দেৱীৰ প্ৰতিচ্ছবিতে ব্যতিক্ৰমী ৰূপে সৰস্বতী পূজা উদযাপন কৰিছে টুপীয়া পাঁচগাঁও একাডেমীত।
লগতে পঢ়কঃবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত চৌদিশ
বাগদেৱীৰ পূজা উপলক্ষে আজি সকলো শিক্ষানুষ্ঠানতেই আটকধুনীয়াকৈ সজোৱা হৈছে। ‘জ্ঞানম দেহি… বিদ্যাং দেহি’ মানসিকতাৰে ছাত্ৰ-ছাত্ৰী সমাজে বাগদেৱীৰ শ্ৰী চৰণত সেৱা আগবঢ়ায়। প্ৰতি বছৰেই ছাত্ৰ জীৱনৰ হেঁপাহৰ দিনৰূপে পৰিচিত সৰস্বতী পূজাৰ দিনটোত ছাত্ৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মাৰ ওচৰত পূজা অৰ্চনা আগবঢ়ায়। কণ-কণ শিশুৰ পৰা যুৱক-যুৱতীলৈকে সকলোৱে শিক্ষাৰ্থী জীৱনৰ অন্যতম উৎসৱ সৰস্বতী পূজাক সুন্দৰভাৱে উদযাপন কৰে।