জামুগুৰিহাট/গোলাঘাটঃ শাৰদীয় দুৰ্গোৎসৱ দুৱাৰদলিত। দুৰ্গোৎসৱলৈ হাতত মাথো দুটা দিন বাকী।

সকলো প্ৰান্ততে কেৱল ব্যস্ততাময় পৰিৱেশ। দিনে-নিশাই প্ৰতিমা নিৰ্মাণকাৰী প্ৰতিষ্ঠানত যুদ্ধংদেহি ব্যস্ততা।  জামুগুৰিহাট, খুমটাই,গোলাঘাটতো মৃৎ শিল্পীসকলৰ অন্তহীন ব্যস্ততা।

বিগত বৰ্ষত কভি’ড সৃষ্ট পৰিৱেশৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত নহ’ল যদিও এইবাৰ কভি’ডৰ নিয়ম পালন কৰি ইতিমধ্যে পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰাৰ পাছত মৃৎ শিল্পীসকল উৎসাহিত হৈ পৰাৰ লগতে দিনে নিশাই প্ৰতিমা নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে।

লগতে পঢ়কঃভ্ৰাম্যমান থিয়েটাৰক চৰ্তসাপেক্ষ নাট প্ৰদৰ্শনৰ অনুমতি ৰাজ্য চৰকাৰৰ

বিগত বৰ্ষত প্ৰতিমা বিক্ৰী কৰিব নোৱাৰি যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল মৃৎ শিল্পীসকল।

এইবাৰ পূজা অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে মৃৎ শিল্পী সকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা মৃণ্ময় মূৰ্তি সমূহৰ অন্তিম পৰশ  দিয়াৰ কামত ব্যস্ত হৈ পৰিছে শিল্পীসকল । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply