জামুগুৰিহাটঃ দিন হাজিৰা কৰি পেট প্ৰৱৰ্ত্তাইছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ ২নং বৰপথাৰ নিবাসী ভাস্কৰ্য্য শিল্পী বিপুল দাসে ৷
দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিপুলে সৰুৰে পৰাই নিয়োজিত হৈ আহিছে শিল্প কৰ্মত ৷ হাজিৰা কৰি পোৱা ধনৰে নিৰ্জীৱ কাঠত প্ৰাণ দিছে বিপুল দাস নামৰ শিল্পীগৰাকীয়ে ৷
প্ৰচাৰ বিমুখ এই ভাস্কৰ্য্য শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কাঠত নিৰ্মাণ কৰা বিভিন্ন দেৱ-দেৱীৰ লগতে বিভিন্ন ধৰণৰ জীৱ-জন্তু।

বৰ্তমান ধনৰ অভাৱত শিল্পীগৰাকীয়ে নিজৰ শিল্প কৰ্মক চলাই নিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য লাভ কৰিলে বিপুলে এই ব্যৱসায় চলাই নিয়াৰ লগতে পৰিয়াল পোহপাল দিয়াতো সহায়ক হ’ব বুলি মন্তৱ্য কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়কঃজল জীৱন আঁচনিৰ অধীনত বঢ়মপুৰত তিনিটাকৈ পানী যোগান আঁচনি মুকলি