জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাৰ ১নং টেঙাবস্তি হাৱা বজাৰ শিৱ মন্দিৰ প্ৰাঙ্গণত বিশ্বনাথ জিলা হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈছে শিৱ মহাপুৰাণ পাঠ ৷

বৃহত্তৰ ১নং টেঙাবস্তি, গুটিবাৰী, বালিজুৰি আৰু জয়সিদ্ধিবাসী ৰাইজৰ সহযোগত সাৰ্বজনীনভাৱে শিৱ মহাপুৰাণ পাঠ অনুষ্ঠিত হয় ৷

দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত এই শিৱ মহাপুৰাণ পাঠত উপস্থিত হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- এনেধৰণৰ অনুষ্ঠানে ৰাইজৰ মাজত আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠী ৰাইজৰ মাজত সদভাৱ সৃষ্টি কৰিব ৷

এই অনুষ্ঠানৰ জৰিয়তে সকলো শ্ৰেণী ৰাইজৰ মাজত শান্তি সম্প্ৰতি গঢ়লৈ উঠক বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

শিৱ মহাপূৰাণ পাঠ অনুষ্ঠানত শ শ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ লগতে উপস্থিত থাকে বহুকেইজন গণ্যমান্য ব্যক্তি।

লগতে পঢ়কঃচৰাইদেউ বৰহাটত সদৌ অসম বাঢ়ৈ সমাজৰ দ্বিতীয়তম অধিৱেশনৰ সফল সামৰণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply