জামুগুৰিহাটঃ প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ উত্তৰাঞ্চলত। অঞ্চলটোৰ বালিজুৰি, কৰৈটাপু, গেলাইচি, জয়পুৰ, মিলনপুৰকে ধৰি কেইবাটাও স্থানত ধুমুহাই গছ-গছনি, ঘৰদুৱাৰ ভাঙি তহিলং কৰে। ধুমুহাই অঞ্চলটোৰ প্ৰায় ২০০ টাৰো অধিক গৃহৰ টিংপাত, বেৰ উৰুৱাই নিয়াৰ লগতে বিদ্যালয় গৃহৰ টিং উৰুৱাই নিয়ে।
লগতে পঢ়কঃগোৰ্খা সম্প্ৰদায়ৰ ব্যতিক্ৰমী ব’হাগী উৎসৱ উদযাপন
ধুমুহাত কেইবাটাও পশুধনৰ মৃত্যু হয়। প্ৰচণ্ড ধুমুহাজাকত ঠায়ে ঠায়ে বিদুতৰ খুটাও উভালি পৰা পৰিলক্ষিত হয়। ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক জিলা প্ৰশাসনৰ ফালৰ পৰা আৰ্থিক ক্ষতি পূৰণ দিবলৈ ৰাইজে দাবী জনাইছে।