জামুগুৰিহাটঃ উত্তৰ প্ৰদেশৰ বুদায়ুত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি টাইকোৱানডো একাডেমীৰ ছাত্ৰ ধ্ৰুপদ কাশ্যপে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

যোৱা ১০ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১৪ বছৰ অনূৰ্ধ্বৰ ৪১ কেজি শাখাত অংশগ্ৰহণ কৰি ঝাৰখণ্ডৰ খেলুৱৈক হৰুৱাই সোণৰ পদক বুটলি আনিবলৈ সক্ষম হোৱা জামুগুৰিহাটৰ শান্তিপুৰ নিবাসী মুকুল বৰা আৰু চন্দ্ৰনা শৰ্মা বৰাৰ জ্যেষ্ঠ পুত্ৰ ধ্ৰুপদ কাশ্যপৰ এই সফলতাই আনন্দিত কৰি তুলিছে জামুগুৰি টাইকোৱানডো একাডেমীৰ প্ৰতিগৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীক ।

লগতে পঢ়কঃহাফপেন্ট বিতৰ্কৰ তদন্ত ঘোষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ

ধ্ৰুপদ কাশ্যপৰ এই বৃহৎ সফলতাৰ বাবে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে শুভেচ্ছা আৰু অভিনন্দনো জ্ঞাপন কৰিছে ।

জামুগুৰি টাইকোৱানডো একাডেমীৰ মূখ্য প্ৰশিক্ষক কৌস্তভ বাৰুতি, সহ: প্ৰশিক্ষক বিকিৰাজ বাৰুতি আৰু তুৰভ হাজৰিকাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply