জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে টিজ উৎসৱ পালন কৰে ৷
উল্লেখ্য যে, বাৰিষা খেতি পথাৰ সামৰাৰ অন্তত গোৰ্খা সম্প্ৰদায়ৰ বিয়া দিয়া জীয়ৰী সকলক মাতৃৰ গৃহলৈ মাতি আনি পিতৃ-মাতৃয়ে এসাজ ভালকৈ আনন্দ ফূৰ্টিৰে আপ্যায়ন কৰাটো এই উৎসৱৰ এক প্ৰধান উদ্দেশ্য ৷
গোৰ্খা সম্প্ৰদায়ৰ সকলো জীয়ৰী পিতৃ গৃহত থাকি স্বামীৰ দীৰ্ঘজীৱন কামনা কৰি সম্পূৰ্ণ এদিন ব্ৰত পালন কৰি পিচদিনা গাওঁৰ সকলো মহিলা একত্ৰিত হৈ টিজ পূজা তথা উৎসৱ পালন কৰে ৷
লগতে পঢ়কঃচাকৰিৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেচন ব্যৱস্থা প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰ
এই টিজ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত মহিলা সকলে বিভিন্ন ধৰণে সাংস্কৃতিক কাৰ্য্যসূচীও ৰূপায়ন কৰে ৷
পানপুৰ পুৰণিভেটিৰ গঞাঁ মহিলা সকলেও এইদৰে এদিন সম্পূৰ্ণ ব্ৰতত থাকি টিজ উৎসৱ পালন কৰে ৷
গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে পালন কৰা এই টিজ পূজা তথা উৎসৱৰ লগত বহু ঐতিহাসিক কাহিনী জড়িত থকাৰ বিষয়ে জানিব পৰা গৈছে ৷