জামুগুৰিহাটঃ মহিলা সকল সাৱধান হওঁক! কিয়নো মহিলাৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি আপোনাৰ ঘৰত প্ৰৱেশ কৰা অচিনাকী লোকে যিকোনো সময়তে আপোনাৰ পৰা লুটি নিব পাৰে টকা-পইচাৰ লগতে সোণৰ আ-অলংকাৰ। জামুগুৰিহাটৰ বৰভগীয়া গাঁৱত সংঘটিত হৈছে এনে এক ঘটনা । গাঁওখনৰ প্ৰতীম শইকীয়া নামৰ ব্যক্তিজন ঘৰত নথকাৰ সময়ত সুযোগ বুজি প্ৰৱেশ কৰা দুজনীয়া অচিনাকী যুৱকে লুটি নিলে সোণৰ আ-অলংকাৰ ।
যুৱক দুজনে লগত লৈ অহা জুলীয়া পদাৰ্থৰে প্ৰথম অৱস্থাত ঘৰৰ কাঁহ-পিতলৰ শৰাই আৰু বাৰ্চন-বৰ্তন চাফা কৰি দেখুৱাই পৰৱৰ্তী সময়ত ব্যক্তিজনৰ পত্নীৰ পৰা সোণৰ অলংকাৰ খুজি চাফা কৰি থকাৰ সময়তে মহিলা গৰাকীক অচেতন কৰি সোণৰ আ-অলংকাৰ খিনি লৈ উধাও হয় ।
কিছুসময়ৰ পিছত মহিলা গৰাকীৰ সংজ্ঞা ঘুৰি অহাত ওচৰ চুবুৰীয়াক ঘটনাৰ সন্দৰ্ভত অৱগত কৰে যদিও ইতিমধ্যেই পলায়ন কৰে যুৱক দুজন। ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীথানাত গোচৰ ৰুজু কৰিছে ভুক্তভুগী লোকে। ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দুবৃৰ্ত্তৰ এতিয়াও সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে।