জামুগুৰিহাটঃ  জামুগুৰিহাটত চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ। বুধবাৰে নিশা বিশ্বনাথ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত টহল দি থকা অৱস্থাত এখন 407 ট্ৰাক প্ৰত্যক্ষ কৰে।

পিছত গাড়ীখন আৰক্ষীয়ে ট্ৰাক খন খেদি যোৱাত ৰাষ্টাতে ট্ৰাকখন এৰি থৈ চালকজন পলাই পত্ৰং দিয়ে।

আৰু পঢ়কঃঅৱশেষত ৭ জনীয়া ডকাইতৰ দলৰ দুধর্ষ সদস্যৰ আত্মসমৰ্পণ

ট্ৰাকখনৰ ওচৰ চপাত আৰক্ষীয়ে চোৰাং কাঠ প্ৰত্যক্ষ কৰি লগে লগে অধীক্ষকগৰাকীয়ে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগক ট্ৰাকখন জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে।

জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS 12-E 1631।

আজি ইটাখোলা আৰক্ষীয়ে ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত ইটাখোলাস্থিত ডিপলোঙা বনাঞ্চল বিষয়া সংমণ্ডল কাৰ্যালয়ৰ ৰেঞ্জৰ ধনেশ্বৰ দলেক ট্ৰাকখন চমজাই দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply