জামুগুৰিহাটঃ থাৰ্ড ইমান ইন্টাৰনেচনেল অপেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিছে জামুগুৰিহাটৰ শিশু খেলুৱৈ বাৰ্বী বৰুৱাই ৷ নেপালৰ কাঠমাণ্ডুত ৮ আৰু ৯ এপ্ৰিলত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগীতাত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰা বাৰ্বী বৰুৱাই ৩০ কেজিৰ শাখাত অৱতীৰ্ণ কেইবাখনো দেশৰ খেলুৱৈক ধৰাশায়ী কৰে যদিও দ্বিতীয় স্থানৰে দেশৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় ৷

আন্তঃৰাষ্ট্ৰীয় খেলত ৰূপৰ পদকৰে দেশৰ লগতে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই অনা বাবে বাৰ্বী বৰুৱাক জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ হ’লি চাইল্ড ইংলিছ স্কুলৰ পঞ্চম মানত অধ্যয়নৰত বাৰ্বী বৰুৱা জামুগুৰিহাট নিবাসী হোমিও চিকিৎসক দাদুল বৰুৱা আৰু জুৰি শৰ্মা বৰুৱাৰ কনিষ্ঠ কন্যা ৷ ইতিমধ্যে বাৰ্বী বৰুৱাই ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কেইবাখনো প্ৰতিযোগীতাত গ’ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply