জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাস্থিত হাবিদলনীৰ উদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰীয়ে পোন প্ৰথমবাৰৰ বাবে সমূহ অসমবাসী ৰাইজলৈ ইউ টিউবৰ জৰিয়তে “বনভোজ” শীৰ্ষক এটি সুমধুৰ গীতৰ এলবাম মুকলি কৰে।
চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাস্থিত হাবিদলনীৰ সদায় বৰা চৰকাৰী বুনিয়াদী বিদ্যালয় প্ৰাঙ্গনত এক সভাত বিশিষ্ট অতিথি অৱসৰ প্ৰাপ্ত শিক্ষক মিন্টু নাথে গীতৰ এলবামটোৰ শুভ উন্মোচন কৰে।
লগতে পঢ়কঃসক্ৰিয় ৰাজনীতিৰ মাজতে অধ্যয়নটো সমানেই আগবাঢ়িছে জ্ঞানশ্ৰী বৰা
উক্ত “বনভোজ” শীৰ্ষক গীতটিত কন্ঠ নিগৰাইছে ইটাখোলাৰ উদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰী, সংগীত শব্দ সংমিশ্ৰণ পলাশ গগৈ (গুৱাহাটী), কথা-সুৰ নিপুল বৰা আৰু গজেন বসুমতাৰী, বাদ্য-যন্ত্ৰ দিপাঙ্কৰ শৰ্মা।
কন্ঠশিল্পীগৰাকীয়ে বহুকেইখন মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ ফালৰ পৰাও তেওঁলৈ থাকিল আন্তৰিক শুভেচ্ছা ।