হোজাইঃ হোজাইৰ যমুনামুখত নিচাজাতীয় দ্রব্যসহ সৰবৰাহকাৰী আটক।

আটকাধীন ব্য়ক্তিজন বৰজাৰি মাজগাঁৱৰ আফজল হুছেইন ওৰফে ৰাজা বুলি জানিব পৰা হৈছে ৷

যমুনামুখ থানাৰ আৰক্ষী বিষয়া সুৰজ দত্তৰ নেতৃত্বত এটা দলে চলাইছিল এই অভিযান ৷

অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে যমুনামুখৰ বালিৰাম পথাৰৰ পৰা ১২ টা নিচাজাতীয় কফ চিৰাপৰ সৈতে সৰবৰাহকাৰীটোক আটক কৰে ৷

আৰু পঢ়কঃৰূপহীহাটৰ তামোল ফেক্টৰীত আৰক্ষীৰ অভিযান!আটক দুই

দীৰ্ঘদিনৰ পৰা যমুনামুখত আফজল হুছেইন ওৰফে ৰাজাই নিচাজাতীয় দ্রব্যৰ ৰমৰমীয়া ব্যৱসায় চলায় অহাৰ অভিযোগ উত্থাপন হৈছিল।

বর্তমান যমুনামুখ আৰক্ষীয়ে আফজল হুছেইনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, হোজাই জিলাত নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply