হোজাই :যমুনামুখত বিধায়ক পুজিৰ দ্বাৰা নিৰ্মাণ হোৱা প্ৰেক্ষাগৃহৰ ধন আত্মসাৎৰ আন এক নতুন দুৰ্নীতি পোহৰলৈ আহিছে।
পশ্চিম জাৰুণী এম, ই মাদ্রাছাৰ পিছত এই বাৰ বুৰুঙ্গাতলী পঞ্চায়তৰ অন্তৰ্গত চিবপুৰস্থিত আনোৱাৰুল উলূম চিব পুৰ মাদ্ৰাছা ৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ।
স্থানীয় ৰাইজে সেই সময়ৰ বিধায়ক আব্দুৰ ৰহিম আজমল আৰু তেওঁৰ নমিনী
মোহাম্মদ আলী আৰু ফুৰকান আলীৰ বিৰুদ্ধে ভয়ঙ্কৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে হোজাই জিলাৰ ৯০নং যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিধায়ক পুজিৰ পৰা ২০১৮/১৯ বৰ্ষত আনোৱাৰুল উলূম চিব পুৰ মাদ্ৰাছাত প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত ৫ লাখ টকা আবন্টন হৈছিল।
সেই সময়ৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ নমিনি আৰু বিধায়ক পুজিৰ কামৰ দ্বায়িত্বত থকা চৰকাৰী শিক্ষক ফোৰকান আলীয়ে মিলি বিধায়ক পুজিৰ দ্বাৰা নতুনকৈ নিৰ্মাণ হবলগীয়া পেক্ষা গৃহৰ ঠাইত মাদ্ৰাছা খনত পূৰ্বৰে পৰা আধৰুকৈ নিৰ্মীয়মান হৈ থকা গৃহ খনৰ ভেটিৰ ওপৰত অলপ কাম কৰি দৰ্জা আৰু খিৰিকিৰ চৌকাট লগাই ইমানতে প্ৰেক্ষাগৃহৰ কাম সমাপ্ত কৰে।
স্থানীয় ৰাইজে বৰ্তমানৰ বিধায়ক চিৰাজ উদ্দিন আজমলৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত উক্ত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়।
এতিয়া প্ৰশ্ন হয় আজি কেইদিন মান আগত পশ্চিম জাৰুণী এম, ই মাদ্ৰাছৰ প্ৰেক্ষাগৃহ নিৰ্মাণ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত এ,আই, ইউ,ডি এফ দলৰ এজন দলীয় কৰ্মীয়ে বিষয়টো ৱাটচাপ যোগে বৰ্তমানৰ বিধায়ক চিৰাজ উদ্দিন আজমলক অৱগত কৰাত বিধায়ক জনে ইয়াৰ প্ৰতি উত্তৰত দলীয় কৰ্মী জনক দুব্যবহাৰ কৰি পঠিয়াই ।
এতিয়া প্ৰশ্ন হয় যে ৰাইজে অভিযোগ কৰা ধৰণে যদি সচাঁকৈ ডেৰ লাখ টকাৰ কাম হয় তেন্তে বাকী টকা কলৈ গ’ল। এই অভিযোগ বিধায়ক চিৰাজ উদ্দিন আজমলক দিবলৈ কোন যাব।
যদি সমষ্টিৰ বিধায়ক জনক দলীয় কৰ্মীৰ দুৰ্নীতিৰ অভিযোগ দি দলটোৰ নিজ কৰ্মীয়ে মান সন্মান বচাব নোৱাৰে আৰু নো কত যাব?
দলীয় কৰ্মীয়ে দুৰ্নীতি আঙুলিয়াই দিয়াৰ পিছতো বিধায়ক গৰাকীয়ে মোহাম্মদ আলী আৰু ফুৰকান আলীৰ বিৰুদ্ধে কেনো ব্যবস্থা বৰ্তমান সময় লৈকে গ্রহণ নকৰাত সমষ্টি বাসী ৰাইজে আচৰিত হৈছে
লগতে পঢ়কঃকামৰূপ মহানগৰ জিলাত নৱ-নিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ