কামপুৰঃ বিধ্বস্ত পথ মেৰামতিৰ দাবীত যমুনামুখত ৰাইজৰ প্ৰতিবাদ ৷

যমুনামুখ সমষ্টিৰ বিধায়ক হায় হায় ধ্বনিত উত্তাল প্ৰতিবাদস্থলী ৷ পথৰ দুৰৱস্থাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিব লগা হৈছে ঠেলাৰে।

পথটোৰে এম্বুলেঞ্চটো দূৰৰ কথা চাৰিচকীয়া সৰু বাহন এখনো চলাচল কৰিব নোৱাৰে এই পথচোৱাৰে।

লগতে পঢ়কঃসোণাৰিত পৰিমাণৰ গাঞ্জাসহ দুই যুৱক আটক

হোজাই জিলাৰ যমুনামুখ-হোজাই সংযোগী তথা যমুনামুখ মহাবিদ্যালয়লৈ যোৱা এই পথছোৱা বিগত বহু বছৰ ধৰি ‌জৰাজীৰ্ণ হৈ আছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ।

স্থানীয় যমুনামুখ পঞ্চায়তে ২০-২১ বৰ্ষত ৮ লাখ ৬৫ হাজাৰ টকা ব্যয়ৰে পথটো নিৰ্মাণ কৰিছিল যদিও এজাক বৰষুণতে কদর্যময় পৰিবেশ সৃষ্টি হয় এই পথছোৱাত।

বর্তমান এই পথটোৰে যাতায়ত সম্পূৰ্ণ ব্যাহত হৈ আছে । পথছোৱাৰ এনে দুৰৱস্থাৰ বাবে ঠেলাত ৰোগী কঢ়িয়াব লগীয়া হোৱাত চৰকাৰৰ ব্যৰ্থতা পুনৰ উন্মোচিত কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply