গুৱাহাটী : আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে জন আশীৰ্বাদ যাত্ৰাৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিমান বন্দৰৰ পৰা আদৰি আনিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপৰিবহন তথা আয়ুস মন্ত্ৰ্যালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমলৈ আহিছে সৰ্বানন্দ সোণোৱাল।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। সৰ্বানন্দ সোণোৱালৰ সৈতে আন
এগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীও আহিছে।
সৰ্বানন্দ সোণোৱালে অসম বিজেপিৰ নেতা কৰ্মীসকলক লৈ আৰম্ভ কৰিবলগীয়া আশীৰ্বাদ যাত্ৰা বৰঝাৰ বিমানবন্দৰৰ পৰাই আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি, আজাৰা সভাগৃহত অনুষ্ঠিত হৈছে কাৰ্যকৰ্তাসকলৰ বৈঠক। অনুষ্ঠানৰ লগত সংগতি গছপুলি ৰোপণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ
আয়োজন কৰা হয়।
আজাৰাৰ পৰা এই যাত্ৰা পোনে পোনে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সমাধিস্থললৈ আহে আৰু ড০ ভূপেন হাজৰিকাৰ সমাধিস্থলত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত দিনৰ ১২-৩০ বজাত জন আশীৰ্বাদ যাত্ৰা কামাখ্যাত উপস্থিত হ’ব। কামাখ্যা মন্দিৰ দৰ্শনৰ পাছতে যাত্ৰা পুনৰ আৰম্ভ হৈ মাছখোৱাত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হৈ বীৰ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাব।
লগতে পঢ়ক : আৰম্ভ হৈছে যুদ্ধ : আফগানিস্তানৰ ৩ খনকৈ জিলা তালিবান মুক্ত
ইয়াৰ পাছতে আবেলি ২-১৫ বজাত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ত সম্বৰ্ধনা, বিয়লি ৩ বজাত হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত সভাৰ লগতে সংবাদ মেল আৰু বিয়লি ৪-৪৫ বজাত নেহেৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাৰ এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ পাছতে এই যাত্ৰা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ যাব আৰু তাতেই ২১ আগষ্টৰ জন আশীৰ্বাদ যাত্ৰা সমাপ্তি ঘটিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে নিশা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতে কটাব।