নিউজ ডেস্কঃ কাইলৈ অসমত আহি উপস্থিত হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি গৰাকী। ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ। তাৰ মাজতে বৃহস্পতিবাৰে জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণ সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে আজি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হয় তেওঁ। এই বৈঠকখনত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিটো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ সকলো বিষয়াকে নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। উল্লেখ্য যে, এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্তও।

ইতিমধ্যে নিৰাপত্তাৰ ক্ষেত্ৰটো মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰাষ্ট্ৰপতি অহাৰ সময়ত গুৱাহাটীৰ পদপথত থকা দোকান সমূহ বন্ধ ৰাখিব লৈ অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে, শুকুৰবাৰে দিনৰ ১২.৪৫ বজাত বৰঝাৰ বিমানবন্দৰ আহি পাবহি ৰাষ্ট্ৰপতিগৰাকী। তাৰপাছতে ১.২৫ বজাৰ পৰা ২ বজালৈ থাকিব মা কামাখ্য মন্দিৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply