জনিয়াঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চুনপুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে এজন যুৱকে নতুন এখন গ্লেমাৰ বাইক বেঁকী নদীত পেলাই থৈ পলায়ন কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এজন অচিনাক্ত যুৱকে ২নং ৰাজ্যিক ঘাইপথৰে নম্বৰবিহীন গ্লেমাৰ বাইকলৈ চুনপুৰাৰ বেঁকী নৈৰ পাৰত আহি গাড়ীখন নৈত পেলাই দিয়াৰ লগতে গাঁত থকা কাপোৰ, ম’বাইল ফোন আদি পেলাই থৈ উলংগ হৈ পথেৰে গুচি যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃগঁড় সুৰক্ষা, প্ৰকৃতি সংৰক্ষণ আৰু ৰক্তদানৰ উদ্দেশ্যেৰে গৌৰী শংকৰ কলিতাৰ পদ যাত্ৰা

উল্লেখযোগ্য যে, মটৰ চাইকেলখন বৰপেটা জিলাৰ ৰছুলপুৰ গাঁৱৰ নুৰ মহম্মদ আলীৰ পুত্ৰ মাফিদুল ইছলামৰ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ তৎপৰতাত বেঁকী নদীৰ পৰা মটৰ চাইকেলখন উদ্ধাৰ কৰে যদিও নৈত পেলাই থৈ যোৱা মটৰ চাইকেলখন চুৰি মটৰ চাইকেল বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰা হৈছে যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply