গুৱাহাটীঃ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অসমত বিগত ২৪ ঘন্টাত পুনৰ ৪জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোককেইজন নগাঁও জিলাৰ। বৰ্তমানলৈকে এই ৰোগত মৃত্যুৰ সংখ্যা ৫২জনলৈ বৃদ্ধি পায়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে সোমবাৰৰ দিনটোত অসমত জাপানীজ এনকেফেলাইটিছত নতুনকৈ ৩জন লোক আক্ৰান্ত হৈছে। নতুনকৈ আক্ৰান্ত কেইজন বঙাইগাঁও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ। বৰ্তমানলৈকে ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে মুঠ ৩০৫জন। ইয়াৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে নগাঁও জিলাত। নগাঁও জিলাত আক্ৰান্ত হৈছে ৪৪জন, যোৰহাট আৰু গোলাঘাট জিলাত আক্ৰান্ত হৈছে ক্ৰমান্বয়ে ৩৯জন আৰু ৩৪জন।

অসমৰ মুঠ ৩৫ খন জিলাৰ ভিতৰত দক্ষিণ শালমাৰা, ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা নাই।

প্ৰতি বছৰে অসমত শ শ লোক জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত হোৱা বেছিসংখ্যাক লোক গ্ৰামাঞ্চলৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply