গুৱাহাটীঃ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে অসমত পুনৰ আতংক বিয়পাইছে। জাপানীজ এনকেফেলাইটিছত ইতিমধ্যে ৰাজ্যখনৰ ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে। অসমত তীব্ৰ বান পৰিস্থিতিৰ পিছতে জাপানীজ এনকেফেলাইটিছৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰতিবেদন অনুসৰি, বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৮জন লোক এই ৰোগত আক্ৰান্ত হৈছে। যোৱা ২৬ দিনত অসমত ২৭৪ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, হোজাই, মৰিগাঁও, বৰপেটা, নলবাৰী, বাক্সা, চিৰাং আৰু ওদালগুৰিকে ধৰি অসমৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিহত কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। স্বাস্থ্য কৰ্মীসকলে ৰাজ্যজুৰি এই ৰোগৰ বিৰুদ্ধে ব্যাপক সজাগতা অভিযান চলাই আছে।

২০২১ চনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অসমত ৬৬০ জন লোকৰ মৃত্যু হৈছিল। ২০১৫ চনত মৃত্যু হৈছিল ১৩৫ জন লোকৰ। ২০১৬ চনত অসমত জাপানীজ এনকেফেলাইটিছত ৯৬ জন লোকৰ মৃত্যু হৈছিল। ২০১৭ চনত মৃত্যু হৈছিল ৮৭ জন লোকৰ, ২০১৮ চনত ৯৪ জন লোক আৰু ২০১৯ চনত ১৬১ জন লোকৰ মৃত্যু হৈছিল। চলিত বৰ্ষত অসমত হোৱা ভয়াবহ বানপৰিস্থিতিৰ পিছৰে পৰা জাপানীজ এনকেফেলাইটিছে সমগ্ৰ অসমত পুনৰ আতংক বিয়পাবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে, Aedes মহে জাপানীজ এনকেফেলাইটিছ থকা গাহৰি বা চৰাইক কামোৰে তেতিয়া মহটো ৰোগটোৰ বাহক হৈ পৰে। তাৰ পিছত সেই মহে মানুহক কামুৰিলে মানুহজন এই ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত হ’লে মূৰৰ বিষ, জ্বৰ, বমি, মাংসপেশীৰ বিষ আদিৰ দৰে লক্ষণ দেখা যায়। য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply