নিউজ ডেস্ক : ৰাজ্য পুনৰগঠনৰ দিনৰে পৰা অসম-মেঘালয়ৰ সীমামূৰীয়া অঞ্চল সমূহত বাস কৰা লোকসকলে জটিল তথা সমস্যাপূৰ্ণ সীমা বিবাদৰ পৰিণাম ভোগ কৰি আহিবলগীয়া হৈছে। তেনে এটা অঞ্চল হৈছে মেঘালয়ৰ ৰিভয় (Ri-Bhoi) জিলাৰ জাটালং গাঁও।
৬৩ টা পৰিয়ালে বাস কৰা ৰিভয় জিলাৰ এখন অতি ভিতৰুৱা গাঁও জাটালঙৰ মুঠ জনসংখ্যা ৩০০ৰ অধিক হ’ব। চাৰ্ভে অৱ ইণ্ডিয়ই প্ৰস্তুত কৰা মানচিত্ৰত উক্ত গাঁওখনক অসম চৰকাৰৰ অধীনৰ এখন বন সংৰক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰা আছে।
যোৱা কেইবাদশক জুৰি অঞ্চলটোৰ লোকসকলে শুকুৰবাৰে ভোগ কৰি সীমা সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে ৯ জুলাইত বিধায়ক, জিলা পৰিষদৰ সদস্যসহ ৰিভয় জিলা কংগ্ৰেছ কমিটিৰ এটা দলে অঞ্চলটো ভ্ৰমণ কৰে।
দলটোৱে জাটালঙৰ গাঁওবুঢ়াকে ধৰি ৰেইড নংটুঙৰ ১৮খন গাঁৱৰ মুখিয়াল সকলৰ সৈতে গোটেই বিষয়টোৰ সম্পৰ্কত এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত উমৰইৰ বিধায়ক জৰ্জ লিংডোই কয় যে এই মানুহখিনিয়ে বছৰ বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে, এই মানুহখিনি জীৱিকা, স্বাস্থ্যসেৱা, উন্নয়ন আৰু বিশেষকৈ এক যথোচিত আৰু নিৰাপদ শাসন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈ আহিছে।
‘১ নং আৰু ২ নং ব্লক দুটাকলৈ এক ‘বিবাদ’ চলি আছে, কিন্তু এই অঞ্চল দুটা প্ৰকৃততে মেঘালয়ৰ ভিতৰত পৰে। ১৯৫০ চনৰে পৰা আমি এই অঞ্চল কেইটা হস্তান্তৰ কৰিবলৈ দাবী জনাই আহিছো,’ তেওঁ কয়।
সীমা সমস্যাক লৈ প্ৰায়ে মাত মাতি অহা নংপোৰ বিধায়ক মাইৰালবৰ্ণ ছিয়েমে ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যা এক স্পৰ্শকাতৰ বিষয় বুলি উল্লেখ কৰি কয় যে আজি পৰ্য্যন্ত অসম আৰু মেঘালয়ৰ মাজত ২২ খন মুখ্য মন্ত্ৰী পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।
২০২২ চনত মেঘালয় ৰাজ্য গঠনৰ ৫০ বছৰ সম্পুৰ্ণ হোৱাৰ পূৰ্বে সীমা সমস্যাৰ বিষয়টোৰ এক স্থায়ী সমাধান ওলাব বুলি আশা প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে এইক্ষেত্ৰত মেঘালয় চৰকাৰক বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈ অসম চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনায়।
লগতে পঢ়ক : কাৰাগাৰৰ প্ৰৰহীক জলকীয়া গুড়ি ছটিয়াই ৭ কয়দীৰ পলায়ন, ক’ত ঘটিল এই ঘটনা?
উল্লেখযোগ্য যে উন্নয়নৰ মুখ নেদেখা উক্ত ১৮ খন গাঁৱৰ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। ২ নং ব্লকৰ প্ৰতিনিধি বি চহটুঙৰ মতে অঞ্চলটোত যিকোনো ধৰণৰ বিকাশমূলক কাৰ্য্য আৰম্ভ হ’লে অসম চৰকাৰৰ বন বিভাগে অঞ্চলটোক বনাঞ্চল ভূমি বুলি কৈ সেই কাম বন্ধ কৰি দিয়ে।
ইয়াৰ উপৰি অঞ্চলটোৰ কৃষকসকলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ‘মহলদাৰ’ সকলক তেওঁলোকে উৎপাদন কৰা বিভিন্ন সামগ্ৰীসমূহৰ পৰিবহণৰ বিনিময়ত মোটা অংকৰ ধন দিব লাগে বুলি অভিযোগ কৰে। কৃষকসকলে ‘মহলদাৰ’ বিলাকক এখন পিক-আপ ট্ৰাকত বস্তু কঢ়িওৱাৰ বাবে ৮০০০ টকা দিবা লাগে বুলি তেওঁ কয়।
স্থানীয় লোকসকলে মেঘালয় চৰকাৰক ৰেইড নংটুং সীমাৰ ভিতৰত পৰা সকলো গাঁৱকে মেঘালয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।
এই সংবাদদাটা জাটালঙলৈ যাওঁতে তাৰ পথসমূহৰ অৱস্থা অতি শোচনীয় আছিল, লগতে গাঁওখনত কোনো নেটৱৰ্ক কানেক্টিভিটি নাই। ইয়াৰ উপৰি গাঁওখনত থকা দুখন বিদ্যালয়ৰ অৱস্থা অতি জৰাজীৰ্ণ। জাটালঙৰ পৰা কিছু দূৰত মাউলাচনাইত এখন আৰক্ষী চকী আছে যদিও তালৈ যোৱাৰ পথৰ অৱস্থা অতি বেয়া।
আনহাতে মেঘালয়ৰ ভিতৰত পৰা চাবুদা গাঁৱত পশ্চিম কাৰ্বি আংলঙৰ অধীনত এটা বন পহৰা চকী (Forest Beat Office) স্থাপন কৰা হৈছে। ইয়াক লৈ অঞ্চলটোৰ লোকসকলে অসন্তুষ্টি ব্যক্ত কৰে।

চাওক ইষ্টম’জ’ৰ এক ভিডিঅ’ প্ৰতিবেদন
ইংৰাজীত পঢ়ক : Jatalong: A remote village caught in the vexed Assam-Meghalaya boundary row