বিহপুৰীয়া– ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন।
শুক্ৰবাৰে ১০৯ নং বিহপুৰীয়া সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে অভিনেতা যতীন বৰাই।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড.অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’লে
অভিনেতা তথা ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰাই।
আৰু পঢ়কঃ মনোনয়ন দাখিল কৰাৰ পাছতেই মৰিগাওঁত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শতাধিক দলীয় সমৰ্থকক লগত লৈ সমষ্টিটোৰ বৰবালি,পথালিপাহাৰ আৰু নাৰায়ণপুৰ গাঁওপঞ্চায়তৰ এলেকাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই অভিনেতা গৰাকীয়ে।
”পদুমৰ পাঁহি পাঁহি ভোট দিবা হাঁহি হাঁহি, ভোট দিবা কেনেকৈ পদুম ফুলত চাপ মাৰি” শীৰ্ষক এফাঁকি কবিতা আবৃত্তি কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে অভিনেতাগৰাকীয়ে।
বিজেপি প্ৰাৰ্থী ড.অমিয় কুমাৰ ভূঞাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনাই জনপ্ৰিয় অভিনেতা গৰাকীয়ে ।