গুৱাহাটী : চাহ শ্ৰমিক, কয়লা শ্ৰমিক, কাগজ কল শ্ৰমিক তথা অসংগঠিত শ্ৰমিক সকলৰ বিভিন্ন সমস্যা লৈ অহা ইং ২০ ছেপ্টেম্বৰত দিল্লীৰ যন্তৰ-মন্তৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ। অসম জাতীয় পৰিষদৰ শ্ৰমিক সংগঠন, জাতীয় শ্ৰমিক শক্তি আৰু সৰ্বভাৰতীয় পঞ্জীয়নভুক্ত শ্ৰমিক সংগঠন নেচনেল ফ্ৰন্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ যুটীয়া আহ্বানত “দিল্লী যাবই চল” কাৰ্যসূচী ঘোষণা কৰিছে নেচনেল ফ্ৰন্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ দীপক জয়ছোৱাল আৰু জ্যেষ্ঠ উপ সভাপতি তথা জাতীয় শ্ৰমিক শক্তিৰ সভাপতি ইজৰাইল নন্দই।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ব চাহ উদ্যোগক সংকটৰ পৰা বচোৱা য’ত ১০ লাখ শ্ৰমিক কৰ্মৰত হৈ আছে। দ্বিতীয়তে চৰকাৰে ঘোষণা কৰা ১৬০ টা কয়লাখনি ব্যক্তিগত খণ্ডলৈ দিয়াৰ বিৰোধিতা আৰু কয়লাখনিৰ শ্ৰমিকক ২০১৭ চনৰ ১ জানুৱাৰীৰ পৰা ২০ লাখ গ্ৰেছুইটী দিয়াৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰা হ’ব। চাহ বাগিছাৰ মাটিত আন উদ্যোগ যাতে স্থাপন নহয় তাৰ বাবে এক আইন প্ৰণয়ন কৰাৰো দাবী উত্থাপন কৰা হ’ব। বিদেশৰ পৰা চাহ ক্ৰয় কৰাটো নিষিদ্ধ কৰি ভাৰতত উৎপাদিত চাহক দেশৰ বাহিৰৰ বজাৰ দখল কৰাত অগ্ৰাধিকাৰ দিলেহে চাহ উদ্যোগৰ সংকট মোচন হ’ব।

গুৱাহাটীত থকা নীলাম কেন্দ্ৰকো অসম চৰকাৰৰ নিয়ন্ত্ৰণাধীনলৈ আনিব লাগিব। অসংগঠিত শ্ৰমিক সকলৰ বিভিন্ন সমস্যা তথা ভাৰত চৰকাৰে অসংগঠিত শ্ৰমিক সকলৰ বাবে যিমান বিলাক আঁচনি ঘোষণা কৰিছে সেই আঁচনিৰ সন্দৰ্ভতো এক দাবী পত্ৰ প্ৰস্তুত কৰা হ’ব। লগতে অসমত থকা দুটাকৈ লাভজনক কাগজ কল কিহৰ কাৰণে পুঁজিপতিক গটোৱা হৈছে তাৰ ওপৰতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰা হ’ব। উক্ত কাৰ্যসূচীত জাতীয় শ্ৰমিক শক্তিৰ সভাপতি-সম্পাদকৰ উপৰিও কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকলে যোগদান কৰিব। লগতে বিহাৰ, ঝাৰখণ্ড, চট্টীশগড়, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, উড়িষ্যা, ৰাজস্থান, কেৰেলা, জন্মু কাশ্মীৰৰ শ্ৰমিক সকল উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক  : কেনেদৰে চলিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দিচাংমুখ ফেৰী ঘাট

উক্ত দাবীসমূহ দিল্লীত থকা অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰী, শ্ৰম মন্ত্ৰী, কয়লা মন্ত্ৰীক সাক্ষাৎ কৰি দাবী পত্ৰ দিয়া হ’ব। উক্ত কাৰ্যসূচী সফল ৰূপায়নৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে জাতীয় শ্ৰমিক শক্তি সভাপতি ইজৰাইল নন্দই। উল্লেখ্য যে ২০ তাৰিখৰ ধৰ্ণাত অসমৰ সকলো বিৰোধী সাংসদ সকলক শ্ৰমিক সংগঠনটোৱে নিমন্ত্ৰণ জনাই উক্ত বিষয়সমূহৰ ওপৰত তেখেতসকলৰ মতামত দিবলৈ আৰু সংসদত বলিষ্ঠ পদক্ষেপ ল’বলৈ আহ্বান জনাব বুলিও জানিবলৈ দিয়ে জাতীয় শ্ৰমিক শক্তি সভাপতি ইজৰাইল নন্দই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply