গোৰেশ্বৰঃ ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ জাতীয় বিদ্যালয় সমূহ আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে।
ক’ভিড কালীন পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা এই পৰিৱেশৰ বাবে চৰকাৰকে জগৰীয়া কৰিছে সচেতন মহলে।
২০২০ বৰ্ষৰ লগতে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ পাঁচ মাহ ধৰি বন্ধ হৈ আছে ব্যক্তিগত বিদ্যালয়সমূহো। পাঠদান বন্ধ থকাৰ বিপৰীতে অনলাইন ক্লাছসমূহ চলি আছে যদিও কাৰিকৰী কাৰণত সেই ক্ষেত্ৰত সফল হ’ব পৰা নাই বহু বিদ্যালয়।
অভিভাৱক সকলেও নিয়মীত ভাৱে আদায় দিয়া নাই বিদ্যালয়ৰ মাচুল সমূহ । এনে পৰিস্থতিত আদৰ্শ জাতীয় বিদ্যালয় ,গোৰেশ্বৰৰ দৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া জীৱন আৰু জীৱিকাৰ বাবে কি কৰিব সেই বিষয়ে নতুনকৈ চিন্তা কৰিব লগীয়া হৈছে একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে।
লগতে পঢ়কঃপানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষিত কৰাৰ দাবীত শিৱসাগৰত প্ৰতিবাদ
আনহাতে শংকৰদেৱ শিশু নিকেতন সমূহক “বিদ্যা ভাৰতী” নামৰ অনুষ্ঠানটোৱে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ বিপৰীতে জাতীয় বিদ্যালয়ৰ শিক্ষকে লাভ কৰা নাই এটকাও আৰ্থিক সাহাৰ্য্য।
ৰাজ্যৰ শিক্ষা বিভাগে এই ক্ষেত্ৰত বৈষম্য কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ জাতীয় বিদ্যালয় পৰিচালনা সমিতিয়ে এতিয়া বিদ্যালয় বন্ধ কৰাৰো চিন্তা কৰিব লগীয়া হৈছে। এই ক্ষেত্ৰত চৰকাৰে জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি জাতীয় বিদ্যালয়সমূহক জীয়াই ৰখাত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।