তিতাবৰ: এবছৰ উকলি গ’ল। মোৰ ল’ৰাটোৰ হত্যাকাৰী চিনাক্ত কৰিম বুলি মন্ত্ৰী-বিষয়াই কথা দিও কথা নাৰাখিলে। ললিত গগৈ আহিছিলে। মোক কথা দিছিলে সোনকালে তদন্ত কৰি কোনে হত্যা কৰিছিলে খবৰ বুলি কৈ গুচি গ’ল। তাৰপাচত আৰু ললিত গগৈয়ে একো খবৰ নিদিলে – এই  কথা কেইষাৰে আছিল এগৰাকী পুত্ৰহীনা দুৰ্ভগীয়া মাতৃৰ শেষকথা। বিগত এটা বছৰ ধৰি নিজ পুত্ৰৰ হত্যাকাৰীৰ মুখকেইখন চাম চাম বুলি দিনৰ পিছত দিন অতিক্ৰম কৰি অৱশেষত মনৰ আশা বুকুত বান্ধি আজি পুৱতি নিশা শেষ নিশ্বাস এৰিলে জয়ন্ত বৰাৰ দূৰ্ভগীয়া মাতৃ লীলা বৰাই।

উল্লেখ্য যে বিগত বৰ্ষৰ ১৪ জুনৰ মাজনিশা সমগ্ৰ অসম জোকাৰি যোৱা তিতাবৰৰ বৰহোলাৰ নিৰীহ যুৱক জয়ন্ত বৰাক মাজনিশা আৰক্ষী আৰু সেনাবাহিনীৰ দলে কোনো গোপন খবৰৰ সন্ধান বিচাৰি নিজা বাসগৃহৰপৰা উঠাই অনাৰ পিচতে ৰহস্যজনকভাৱে তেওঁলোকৰ জিম্মাতে ১৫ জুনৰ পুৱতি নিশা মৃত্যু হৈছিল । কালি তেওঁ এবছৰ অতিক্ৰম কৰাৰ দিনা জয়ন্ত বৰা হত্যাকাণ্ড ন্যায় দাবী সমিতিয়ে তেওঁলোকৰ বালিজান গাভৰুআলি গাঁওত ৰাজহুৱা শ্ৰাদ্ধৰ অনুষ্ঠান আয়োজন কৰিছিল।

লগতে পঢ়ক আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিলে ৰাইজে

ৰাজহুৱা শ্ৰাদ্ধৰ অনুষ্ঠান শেষ হোৱাৰ পাছতে বিগত এটা বছৰে পুত্ৰশোকত মানসিকভাৱে ভাগি পৰা পঞ্চাশোৰ্ধৰ মহিলাগৰাকী ক্ৰমাৎ অসুস্থ হৈ উঠে। সন্ধ্যাৰ ভাগলৈ তেওঁৰ স্বাস্থ্য আৰু অধিক অৱনতি ঘটাত গাওঁবাসীৰ সহযোগত নিশা ৭ বাজি ৪০ মিনিটত গোলাঘাট নাৰ্ছিং হোমত ভৰ্ত্তি কৰে। প্ৰাথমিক চিকিৎসাৰ অন্তত মহিলাগৰাকী হাওঁফাওঁৰ সংক্ৰমণজনিত কাৰণত অসুস্থ হৈ পৰা বুলি জানিব পাৰি যাৱতীয় চিকিৎসাৰ ব্যৱস্থা কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসাকাধীন অৱস্থাতে আজি পুৱতি নিশা ৪ বাজি ২০ মিনিটত মহিলা গৰাকীয়ে মৃত্যুক সাৱটি লয়।

নিজ গৰ্ভৰ সন্তান জয়ন্ত বৰাক কোনো কাৰণ অৱগত নকৰাকৈ মাজনিশা উগ্ৰপন্থীৰদৰে পুলিচ আৰু মিলিটেৰীয়ে উঠাই আনি হত্যা কৰাৰ পিচত মহিলাগৰাকীয়ে ন্যায়ৰ আশাত বিগত এটা বছৰে বিনিদ্ৰ ৰজনী কটাই অহাৰ পিচত ন্যায়ৰ আশা বুকুত বান্ধিয়েই অৱশেষত ইহসংসাৰৰ পৰাই মেলানি মাগিলে। মাতৃগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে গাওঁবাসীৰ লগত অন্ত্যোষ্টিক্ৰিয়া অনুষ্ঠানত ভাগ লয়। ইয়াৰ লগে লগে জয়ন্ত বৰাৰ দূৰ্ভাগ্যজনক ক’লা ইতিহাসৰো সামৰণি পৰা বুলি ব্যাপক চৰ্চা চলিছে। কালি জয়ন্ত বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা ৰাজহুৱা বছেৰেকীয়া শ্ৰাদ্ধত অত্যন্ত দূৰ্বল অনুভৱ কৰি থকা মহিলাগৰাকীৰ পুলিচী নিৰ্যাতনৰ বলি হৈ মৃত্যুক সাৱটি লোৱা জয়ন্ত বৰাৰ পিচত এগৰাকী বিবাহিত কন্যাক এৰি থৈ যায়।

জয়ন্ত বৰা

স্মৰ্তব্য যে বিগত বৰ্ষৰ ১৫ জুনৰ পুৱতি নিশা তিতাবৰ মহকুমাৰ তদানীন্তন মহকুমাধিপতি অমিত হোজাই, বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈ আৰু সেনা ৰেজিমেণ্টৰ নেতৃত্বত সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বৰ্বৰ অমানুষিক ঘটনা সংঘটিত হোৱা দুদিন পিছত অথাৎ ১৬ জুন তাৰিখে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰেও তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সেইসময়ত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হৈছিল অসম চৰকাৰ কৃষিমন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বহু মুধাফুটা ৰাজনৈতিক নেতা-পালিনেতা।

লগতে পঢ়ক বক্সাৰ লাভলিনা বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্য

জয়ন্ত বৰাৰ বাসগৃহৰ চোতালতে চৰকাৰী উচ্চপদস্থ মন্ত্ৰী-বিষয়াসকলে স্থানীয় গাওঁবাসী তথা দল-সংগঠনৰ লগত আলোচনা কৰি ৰাইজৰ দাবীত কেইবাটাও গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ৰাইজৰ প্ৰতিটো দাবীয়ে আখৰে আখৰে পালন কৰা হ’ব বুলি ৰাজহুৱাকৈ লিখিত প্ৰতিশ্ৰুতি দিছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত উদঘাটনৰ বাবে আয়ুক্ত ললিত গগৈৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটী গঠন কৰি দিছিল আৰু এসপ্তাহৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰা হ’ব বুলিও চৰকাৰীভাৱে ঘোষণা কৰিছিল। কিন্তু আজি এবছৰৰ পাচতো তদন্তৰ প্ৰতিবেদন চৰকাৰে ৰাজহুৱা নকৰিলে।

ইতিমধ্যে তদন্তকাৰী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া গৰাকীয়েও চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। চৰকাৰী লিখিত প্ৰতিশ্ৰুতিৰ পাছত গঠন হোৱা তদন্ত আয়োগেও জয়ন্ত বৰাৰ ক’ত কেনেদৰে আৰু কি পৰিস্থিতিত মৃত্যু হ’ল সেইকথা অসমবাসীৰ সন্মুখত তলি ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হ’ল। ইয়াৰ বিপৰীতে পৰৱৰ্তী সময়ত যুৱকজন উগ্ৰপন্থী সংগঠনৰ লগত আছিল বুলি চৰকাৰীভাৱে এটা ব্লুপ্ৰিণ্ট জনমানসৰ সন্মুখত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা হ’ল।

জয়ন্ত বৰাৰ দূৰ্ভাগ্যজনক হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হোৱাত জয়ন্ত বৰাৰ বাসগৃহত জয়ন্ত বৰাৰ হত্যাকাণ্ড ন্যায় দাবী সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ বৰহোলা আঞ্চলিক সমিতি, সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা, জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ বৰহোলা আঞ্চলিক সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,ঠেঙাল কছাৰী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথম মৃত্যু বাৰ্ষিকী আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি পুনৰ বিষয়টোক জনচক্ষুৰ সন্মুখলৈ তুলি অনাৰ দিনাই হৃদয়বিদাৰক ঘটনাতো সংঘটিত হয় আৰু যুৱকগৰাকীৰ ন্যায়ৰ বিষয়টোও ইমানতে যৱনিকা পৰাতো স্পষ্ট হৈ পৰে।

লগতে পঢ়ক কভিডসৃষ্ট পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰা নাযাব : কেবিনেটত সিদ্ধান্ত

কালি যুৱকগৰাকীৰ হত্যাকাণ্ডৰ এবছৰৰ পাচতো উচিত ন্যায়ৰ পৰা বঞ্চিত হোৱা দূৰ্ভগীয়া পৰিয়ালটোৰ কাষত বিভিন্ন দল-সংগঠনৰ নেতৃত্ব সমবেত হৈ চৰকাৰৰ দৃষ্টিভংগী আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মিথ্যাচাৰিতাক চোকা ভাষাৰে গৰিহনা দিয়াৰ লগতে জয়ন্ত বৰাৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰামী ধাৰা অব্যাহত ৰখাৰো হুংকাৰ দিছিল।

সংগ্ৰামী দল-সংগঠনৰ স্পষ্টভাৱে মতামত দি কালি চৰকাৰক সকিয়াই দিছিল যে  আৰক্ষী প্ৰশাসনে নিৰীহ যুৱক জয়ন্ত বৰাক উগ্ৰপন্থী সজোৱা মিছা পৰিকল্পনা কৰাটোত দুৰ্ভাগ্যজনক আৰু হত্যাকাৰী এতিয়াও চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ গৃহবিভাগ আৰু সেনা ছাউনীতে নিৰাপদে গিকগিজাই আছে, কিন্তু চৰকাৰে দোষীক চিনাক্ত কৰাত কাৰ্পণ্য কৰিছে। হত্যাকাৰীক বিছাৰি অসম চৰকাৰে ম্যানমাৰ অথবা বিদেশী ৰাষ্ট্ৰলৈ যাব নালাগে বুলি প্ৰতিক্ৰিয়া প্ৰকশ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক দোষীক চিনাক্ত কৰি এগৰাকী বিধৱা মাতৃক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছিল যদিও তাৰ প্ৰতিক্ৰিয়া প্ৰত্যেক্ষ নকৰাকৈ পুত্ৰশোকৰ এবোজা দুখ বুকুত সাৱটি  মাতৃগৰাকীও অনন্তধামলৈ গতি কৰিলে।

লগতে পঢ়ক  কাকপথাৰৰ দুই কিশোৰৰ হাতত মাৰনাস্ত্ৰ লৈ থকা ফটো ভাইৰেল; আলফাত যোগদানৰ সন্দেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply