গুৱাহাটী : ডঃ হিমন্ত বিশ্ব শৰ্মা সোমবাৰে অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পিছতে মঙলাবাৰে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক নিযুক্তি প্ৰদান কৰা হয় বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিবৰ পদত।

ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাক বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব হিচাপে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিযুক্তি প্ৰদান কৰা হয়। আজিৰে পৰা নলবাৰীৰ বিধায়ক গৰাকী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে।

আৰু পঢ়কঃ নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অজন্তা নেওগ হ’ব বিত্ত মন্ত্ৰী

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে জয়ন্ত মল্ল বৰুৱাক বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰে। বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব হিচাপে জয়ন্ত মল্ল বৰুৱাই বিজেপি দল আৰু চৰকাৰৰ মাজত সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply