নিউজ ডেস্ক- আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৰনাৰায়ণপুৰত আয়োজিত মুকলি সভাত উপস্থিত থাকে। তেখেতে মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ জন্মক্ষেত্র উন্নয়ন সমিতিৰ সৌজন্যত আৰু থান পৰিচালনা সমিতিৰ সহযোগত মহাপুৰুষজনাৰ ৫৩৫ সংখ্যক আৱির্ভাৱ মহোৎসৱ উপলক্ষে তাত উপস্থিত হয়।

তেওঁ অসমীয়া জাতীয় জীৱনত শ্ৰীমন্ত শংকৰদেৱৰ দৰেই অতি ঐকান্তিকতাৰে ধর্মৰ লগতে সাহিত্য-সংস্কৃতিলৈ এক নৱ-শক্তি প্ৰদান কৰি যোৱা এইজনা মহাপুৰুষৰ আৱির্ভাৱৰ দিনটোতে জন্মস্থানৰ মতদ্বৈধতা আঁতৰাই বৰনাৰায়ণপুৰক জন্মক্ষেত্র হিচাবে স্বীকৃতি প্রদান কৰা ফলক আৰু তোৰণ উন্মোচন কৰে।

তেওঁ কয় যে, মহাপুৰুষজনাৰ আদর্শেৰে অনুপ্রাণিত হৈ সকলোৱে মিলি লোৱা এই সিদ্ধান্তই মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ ঠাইডোখৰক বৈষ্ণৱ ধর্মীয় পর্যটন ছার্কিটৰ অংশ হিচাপে গঢ় দিয়াৰ পৰিকল্পনা বাস্তৱায়িত কৰাত সহায় কৰিব।

উক্ত সভাত শ্রীশ্রীমাধৱদেৱ জন্মক্ষেত্র উন্নয়ন সমিতিৰ সভাপতি, বিধায়ক ড°অমিয় কুমাৰ ভূঞা, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্রী জনার্দন দেৱ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকা, সাংসদ প্রদান বৰুৱা আৰু পল্লৱলোচন দাস, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱন, আৰক্ষী অধীক্ষক আনন্দ মিশ্র, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰ তথা অন্যান্য গুণী-মানী ব্যক্তিসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply