নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ দুজন মন্ত্ৰীয়ে ল’লে শপত। জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই আজি মন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।
নতুন মন্ত্ৰী হিচাপে শপত লোৱা জয়ন্ত মল্ল বৰুৱাক তিনিটাকৈ বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দায়িত্বত থকা বিভাগসমূহ ক্ৰমে- জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন বিভাগ।
ইফালে, আনসকল মন্ত্ৰীৰ হাতত থকা বিভাগসমূহ ক্ৰমে- ৰণোজ পেগু শিক্ষা, জনজাতীয় উন্নয়ন, চন্দ্ৰমোহন পাটোৱাৰী বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন, পৰিমল শুক্লবৈদ্য পৰিবহন, মীন, আবকাৰী বিভাগ।
ঠিক একেদৰে ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন, কেশৱ মহন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেশ্যন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ, অতুল বৰা কৃষি, উদ্যান শস্য,পশুপালন , সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ন বিভাগৰ দায়িত্বত আছে।
আনহাতে, উৰ্খাও গৌৰা ব্ৰহ্ম হস্ত তাঁত ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন, অশোক সিংহাল হাউচিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন, যোগেন মহন ৰাজহ, পাহাৰ উন্নয়ন, সঞ্জয় কিষান চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ, অজন্তা নেওঁগ বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্বত আছে।
তদুপৰি, পীয়ুষ হাজৰিকা জলসম্পদ, জনসংযোগ আৰু সামাজিক ন্যায়, বিমল বৰা উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা, নন্দিতা গাৰ্লোচাই শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদ বিভাগৰ দায়িত্ব গ্ৰহণ কৰিছে।